+ -

عَنِ النُّعْمَانِ بْنِ بَشِيرٍ رضي الله عنه قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«مَثَلُ الْمُؤْمِنِينَ فِي تَوَادِّهِمْ وَتَرَاحُمِهِمْ وَتَعَاطُفِهِمْ مَثَلُ الْجَسَدِ، إِذَا اشْتَكَى مِنْهُ عُضْوٌ تَدَاعَى لَهُ سَائِرُ الْجَسَدِ بِالسَّهَرِ وَالْحُمَّى».

[صحيح] - [متفق عليه] - [صحيح مسلم: 2586]
المزيــد ...

নু'মান বিন বাশ্বীৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
"পাৰস্পৰিক সম্প্ৰীতি, দয়াদ্ৰতা আৰু সহমৰ্মিতাৰ ফালেৰে মুমিনসকলৰ উদাহৰণ হৈছে এটা শৰীৰৰ দৰে। শৰীৰৰ কোনো এটা অংগ যেতিয়া অসুস্থ হয়, তেতিয়া গোটেই শৰীৰ জ্বৰত কম্পমান হৈ অনিদ্ৰাত ভোগে।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 2586]

ব্যাখ্যা

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, দয়াদ্ৰতা, সহমৰ্মিতা, সহায়-সহযোগিতা, ক্ষয়-ক্ষতি আদিৰ ক্ষেত্ৰত মুছলিমসকলৰ অৱস্থা এটা শৰীৰৰ নিচিনা হোৱা উচিত। যিদৰে শৰীৰৰ এটা অংগ অসুস্থ হ'লে গোটেই শৰীৰে বিষ অনুভৱ কৰে তথা জ্বৰত কম্পমান হৈ অনিদ্ৰাত ৰাতি কটায়।

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. মুছলিমসকলৰ অধিকাৰ সুৰক্ষিত কৰা উচিত। লগতে হাদীছটোত তেওঁলোকক সহায়-সহযোগিতা কৰিবলৈ, ইজনে সিজনৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰা হৈছে।
  2. মুমিনসকলৰ মাজত মুহাব্বত আৰু সহায়-সহযোগিতাৰ শিষ্টাচাৰ থকা উচিত।
অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী ৰুচিয়ান বোছনিয়ান ছিনহালী হিন্দী চাইনিজ ফাৰ্চি ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা পৰ্তুগীজ মালয়ালম তেলেগু শ্বাহিলী থাই পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান হাংগেৰী চেক الموري মালাগাছী ওৰোমো কান্নাড়া الولوف ইউক্ৰেইনীয়ান الجورجية المقدونية
অনুবাদ চাওক
শ্ৰেণীবিন্যাসসমূহ
অধিক