عَنْ أَبِي حَازِمٍ قَالَ: قَاعَدْتُ أَبَا هُرَيْرَةَ رضي الله عنه خَمْسَ سِنِينَ، فَسَمِعْتُهُ يُحَدِّثُ عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، قَالَ:
«كَانَتْ بَنُو إِسْرَائِيلَ تَسُوسُهُمُ الأَنْبِيَاءُ، كُلَّمَا هَلَكَ نَبِيٌّ خَلَفَهُ نَبِيٌّ، وَإِنَّهُ لاَ نَبِيَّ بَعْدِي، وَسَيَكُونُ خُلَفَاءُ فَيَكْثُرُونَ» قَالُوا: فَمَا تَأْمُرُنَا؟ قَالَ: «فُوا بِبَيْعَةِ الأَوَّلِ فَالأَوَّلِ، أَعْطُوهُمْ حَقَّهُمْ، فَإِنَّ اللَّهَ سَائِلُهُمْ عَمَّا اسْتَرْعَاهُمْ».
المزيد
আবু হাঝিমৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই পাঁচ বছৰ পৰ্যন্ত আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ সাহচৰ্য্যত আছিলোঁ। সেই সময়ছোৱাত মই শুনিছোঁ, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা এই হাদীছটো বৰ্ণনা কৰিছিল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"বনী ইছৰাঈলৰ নবীসকলে সিহঁতক শাসন কৰিছিল। যেতিয়াই কোনো নবীৰ মৃত্যু হৈছিল, তেতিয়াই বেলেগ কোনো নবী তেওঁৰ স্থলাভিষিক্ত হৈছিল। কিন্তু শুনা! মোৰ পিছত কোনো নবী নাই, কিন্তু অনেক খলীফা হ'ব।" চাহাবাসকলে সুধিলেঃ এই ক্ষেত্ৰত আপোনাৰ দিশ-নিৰ্দেশনা কি? তেখেতে ক'লেঃ "তোমালোকে ইজনৰ পিছত সিজনৰ বাইআত কৰি তেওঁলোকৰ হক আদায় কৰিবা। নিশ্চয় আল্লাহে তেওঁলোকক জবাবদিহি কৰিব সেই সকলো বিষয় সম্পৰ্কে যিবোৰৰ দায়িত্ব তেওঁলোকক অৰ্পণ কৰা হৈছিল।"