عن ابْنِ عُمَرَ رَضيَ اللهُ عنهُما قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«أَيُّمَا امْرِئٍ قَالَ لِأَخِيهِ: يَا كَافِرُ، فَقَدْ بَاءَ بِهَا أَحَدُهُمَا، إِنْ كَانَ كَمَا قَالَ، وَإِلَّا رَجَعَتْ عَلَيْهِ».
[صحيح] - [متفق عليه] - [صحيح مسلم: 60]
المزيــد ...
ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"যদি কোনোবাই তাৰ ভাতৃক হে কাফিৰ বুলি সম্বোধন কৰে, তেন্তে উভয়ৰ মাজৰ যিকোনো এজনৰ ওপৰলৈ সেইটো উভতি আহিব। যাক কোৱা হৈছে, সি যদি সঁচাই কাফিৰ হয় তেন্তে কোনো কথা নাই। অন্যথা যিয়ে সম্বোধন কৰিছে, তাৰ ওপৰতে সেইটো উভতি আহিব।"
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ মুছলিম - 60]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সতৰ্ক কৰিছে যে, কোনো মুছলিমে যেন কোনো মুছলিম ব্যক্তিক হে কাফিৰ বুলি সম্বোধন নকৰে। কাৰণ এনেকৈ সম্বোধন কৰিলে, উভয়ৰ মাজৰ যিকোনো এজন কাফিৰ হৈ যাব। যাক সম্বোধন কৰা হৈছে, সি যদি সঁচাই কাফিৰ হয় তেনেহ'লেতো কোনো কথাই নাই, অন্যথা যিয়ে সম্বোধন কৰিছে সি নিজেই কাফিৰ হৈ যাব।