عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ قَالَ: قِيلَ: يَا رَسُولَ اللهِ ادْعُ عَلَى المُشْرِكِينَ قَالَ:
«إِنِّي لَمْ أُبْعَثْ لَعَّانًا، وَإِنَّمَا بُعِثْتُ رَحْمَةً».
[صحيح] - [رواه مسلم] - [صحيح مسلم: 2599]
المزيــد ...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ কোৱা হ'ল যে, হে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম! আপুনি মুশ্বৰিকসকলৰ ওপৰত বদ্দুআ কৰক, তেতিয়া তেখেতে ক'লেঃ
"মোক অভিসম্পাতকাৰীৰূপে প্ৰেৰণ কৰা হোৱা নাই, বৰং মোক ৰহমত হিচাপেহে প্ৰেৰণ কৰা হৈছে।"
[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 2599]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আবেদন কৰা হৈছিল যে, আপুনি আল্লাহৰ ওচৰত এই মুশ্বৰিকসকলৰ বাবে বদ্দুআ কৰক। তেতিয়া তেখেতে কৈছিলঃ মই আল্লাহৰ ফালৰ পৰা অভিসম্পাতকাৰীৰূপে প্ৰেৰিত হোৱা নাই যে, মই মানুহৰ প্ৰতি বদ্দুআ কৰিম আৰু সিহঁতক আল্লাহৰ ৰহমতৰ পৰা আঁতৰাই দিম, আৰু সিহঁতক কল্যাণৰ পৰা বঞ্চিত কৰিম। মোক এই উদ্দেশ্যে প্ৰেৰণ কৰা হোৱা নাই। বৰং মোক প্ৰেৰণ কৰা হৈছে যাতে মই মানুহৰ বাবে, বিশেষকৈ মুমিনসকলৰ বাবে কল্যাণ আৰু ৰহমতৰ কাৰণ হ'ব পাৰোঁ।