+ -

عَنِ ‌ابْنِ عَبَّاسٍ رَضِيَ اللهُ عَنْهُمَا قَالَ:
كَانَ النَّبِيُّ صَلَّى اللهُ عَليهِ وَسَلَّمَ لا يَعْرِفُ فَصْلَ السُّورةِ حَتَّى تَنْزِلَ عَليْهِ {بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ}.

[صحيح] - [رواه أبو داود] - [سنن أبي داود: 788]
المزيــد ...

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত বিছমিল্লা-হিৰ ৰহমা-নিৰ ৰাহীম অৱতীৰ্ণ নোহোৱালৈকে তেখেতে কোনো ছুৰাৰ আৰম্ভণি নিশ্চিত কৰিব পৰা নাছিল।

[ছহীহ] - [(আবু দাঊদ)] - [ছুনান আবি দাঊদ - 788]

ব্যাখ্যা

ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই উল্লেখ কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত যেতিয়া কোৰআনৰ ছুৰাসমূহ অৱতীৰ্ণ হৈছিল তেতিয়া তেখেতে সেইবোৰৰ মাজত সেইসময়লৈকে কোনো পাৰ্থক্য কৰিব পৰা নাছিল যেতিয়ালৈকে দুটা ছুৰাক পৃথক কৰিবলৈ বিছমিল্লা-হিৰ ৰহমা-নিৰ ৰাহীম অৱতীৰ্ণ হোৱা নাছিল। বিছমিল্লাহ অৱতীৰ্ণ হোৱাৰ পাছতহে গম পাইছিল উক্ত ছুৰা শেষ, এতিয়া নতুন ছুৰা আৰম্ভ।

অনুবাদ: ইংৰাজী উৰ্দু স্পেনিছ ইন্দোনেচিয়ান উইঘোৰ বাংলা ফৰাচী তুৰ্কী বোছনিয়ান ছিনহালী হিন্দী ভিয়েতনামীজ তাগালোগ কুৰ্দিশ হাওছা মালয়ালম তেলেগু শ্বাহিলী বাৰ্মিজ থাই পুস্তু আলবেনীয়ান ছুইডিছ আমহাৰিক ডাচ গুজৰাটী কিৰ্গিজ নেপালী ইউৰোবা লিথুৱেনিয়ান দাৰী ছাৰ্বিয়ান ছোমালি তাজিক কিনিয়াৰাৱাণ্ডা ৰোমানিয়ান চেক মালাগাছী ইটালিয়ান ওৰোমো কান্নাড়া আজেৰি উজবেক ইউক্ৰেইনীয়ান
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. বিছমিল্লাহক দুটা ছুৰাৰ মাজত ব্যৱধান ৰাখিবলৈ ব্যৱহাৰ কৰা হৈছে। কেৱল ছুৰা আনফাল আৰু তাওবাৰ বাহিৰে।
অধিক