عَنِ ابْنِ عَبَّاسٍ رَضيَ اللهُ عنهُما قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ:
«البَسُوا مِنْ ثِيَابِكُمُ البَيَاضَ، فَإِنَّهَا مِنْ خَيْرِ ثِيَابِكُمْ، وَكَفِّنُوا فِيهَا مَوْتَاكُمْ».
[صحيح] - [رواه أبو داود والترمذي وابن ماجه] - [سنن الترمذي: 994]
المزيــد ...
আব্দুল্লাহ ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"তোমালোকে বগা কাপোৰ পৰিধান কৰা, কাৰণ তোমালোকৰ কাপোৰৰ ভিতৰত বগা কাপোৰ হৈছে সৰ্বোত্তম। লগতে বগা কাপোৰেৰেই তোমালোকে মৃত ব্যক্তিক কাফন দিয়া।"
[ছহীহ] - [(আবু দাঊদ, তিৰমিজী, ইবনে মাজাহ)] - [ছুনান তিৰমিজী - 994]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পুৰুষসকলক বগা কাপোৰ পৰিধান কৰিবলৈ নিৰ্দেশনা দিছে আৰু মৃত ব্যক্তিকো বগা কাপোৰেৰে কাফন দিবলৈ উপদেশ দিছে। কাৰণ এইটো হৈছে উত্তম কাপোৰ।