عَنْ حُذَيْفَةَ رَضيَ اللهُ عنه قَالَ:
كُنَّا إِذَا حَضَرْنَا مَعَ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ طَعَامًا لَمْ نَضَعْ أَيْدِيَنَا حَتَّى يَبْدَأَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فَيَضَعَ يَدَهُ، وَإِنَّا حَضَرْنَا مَعَهُ مَرَّةً طَعَامًا، فَجَاءَتْ جَارِيَةٌ كَأَنَّهَا تُدْفَعُ، فَذَهَبَتْ لِتَضَعَ يَدَهَا فِي الطَّعَامِ، فَأَخَذَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ بِيَدِهَا، ثُمَّ جَاءَ أَعْرَابِيٌّ كَأَنَّمَا يُدْفَعُ فَأَخَذَ بِيَدِهِ، فَقَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «إِنَّ الشَّيْطَانَ يَسْتَحِلُّ الطَّعَامَ أَنْ لَا يُذْكَرَ اسْمُ اللهِ عَلَيْهِ، وَإِنَّهُ جَاءَ بِهَذِهِ الْجَارِيَةِ لِيَسْتَحِلَّ بِهَا فَأَخَذْتُ بِيَدِهَا، فَجَاءَ بِهَذَا الْأَعْرَابِيِّ لِيَسْتَحِلَّ بِهِ فَأَخَذْتُ بِيَدِهِ، وَالَّذِي نَفْسِي بِيَدِهِ، إِنَّ يَدَهُ فِي يَدِي مَعَ يَدِهَا».
[صحيح] - [رواه مسلم] - [صحيح مسلم: 2017]
المزيــد ...
হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে আমি যেতিয়া আহাৰ কৰিছিলোঁ, তেতিয়া তেখেতে আৰম্ভ নকৰালৈকে আমি কোনেও খাদ্যত হাত ৰখা নাছিলোঁ। এবাৰ আমি তেখেতৰ সৈতে আহাৰ কৰিবলৈ উপস্থিত আছিলোঁ, হঠাৎ এজনী কন্যা শিশু এনেকৈ আহিল যেনিবা তাইক কোনোবাই ঠেলি পঠিয়াইছে, আৰু শিশুটোৱে খাদ্যত হাত দিবলৈ ধৰিলে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘপককৈ তাইৰ হাত ধৰিলে। ইয়াৰ পিছত এজন বেদুঈনেও সেইদৰে দ্ৰুত বেগত আহিল, যেনিবা তাকো ঠেলি পঠিওৱা হৈছে। ফলত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইয়াৰো হাত ধৰি পেলালে। ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "যিটো খাদ্য খোৱাৰ সময়ত আল্লাহৰ নাম লোৱা হোৱা নাই, সেইটোক চয়তানে হালাল বুলি গণ্য কৰে। শুনা! এই শিশুটোকো চয়তানেই আনিছে, যাতে ইয়াৰ ফলত নিজৰ বাবে খাদ্য হালাল কৰি ল'ব পাৰে, সেয়ে মই তাইৰ হাত ধৰি পেলাইছোঁ। ইয়াৰ পিছত চয়তানে বেদুঈনক আনিছে, যাতে ইয়াৰ দ্বাৰা নিজৰ বাবে খাদ্য হালাল কৰি ল'ব পাৰে। কিন্তু মই ইয়াৰো হাত ধৰি পেলাইছোঁ। সেই মহান সত্ত্বাৰ শপত! যাৰ হাতত মোৰ প্ৰাণ আছে, ইহঁতৰ দুজনৰ হাতৰ সৈতে চয়তানৰ হাত মোৰ হাতত আটক হৈছে।"
[ছহীহ] - [(মুছলিম)] - [ছহীহ মুছলিম - 2017]
হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত বৰ্ণনা কৰিছে যে, তেওঁলোকে যেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে কোনো আহাৰ গ্ৰহণত অংশ গ্ৰহণ কৰিছিল, তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আৰম্ভ নকৰালৈকে তেওঁ সেই খাদ্যত হাত আগবঢ়োৱা নাছিল। এবাৰ তেওঁলোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে এটা ভোজনত অংশ গ্ৰহণ কৰিছিল, সেই সময়ছোৱাত এজনী কন্যা শিশু দৌৰি আহি (বিছমিল্লাহ নোকোৱাকৈ) খোৱা পাত্ৰত হাত দিব ধৰিলে, এনেকুৱা লাগিছিল যেনিবা তাইক কোনোবাই খেদি পঠিয়াইছে, লগে লগে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাইৰ হাত ধৰি পেলালে। ইয়াৰ পিছত এজন বেদুঈনো এনেকৈ আহিল যেনিবা তাক কোনোবাই ঠেলি পঠিয়াইছে, সিও (বিছমিল্লাহ নোকোৱাকৈ) খাদ্যত হাত দিবলৈ ধৰিলে, লগে লগে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাৰ হাত ধৰি পেলালে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ যদি কোনোবাই আল্লাহৰ নাম নোলোৱাকৈ আহাৰ কৰা আৰম্ভ কৰে, তেন্তে চয়তানে সেই আহাৰত অংশগ্ৰহণ কৰিবলৈ সক্ষম হয়। এই শিশুটোক আনিছে, যাতে ইয়াৰ দ্বাৰা সি নিজেও খাবলৈ সক্ষম হয়। সেয়ে মই তাইৰ হাত ধৰি পেলাইছোঁ। ইয়াৰ পিছত সি বেদুঈনক আনিলে, যাতে তাৰ মাধ্যমত আহাৰ গ্ৰহণত অংশী হ'ব পাৰে, কিন্তু মই তাৰো হাত ধৰি পেলালোঁ। শুনা! শপত সেই সত্ত্বাৰ, যাৰ হাতত মোৰ প্ৰাণ আছে, এই শিশুটোৰ হাতৰ সৈতে চয়তানৰ হাতো মই মোৰ হাতৰ ভিতৰত ধৰি ৰাখিছোঁ। ইয়াৰ পিছত আল্লাহৰ নাম লৈ খোৱা আৰম্ভ কৰিলে।