عَنِ ابْنِ عُمَرَ رَضِيَ اللَّهُ عَنْهُمَا قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«لَنْ يَزَالَ المُؤْمِنُ فِي فُسْحَةٍ مِنْ دِينِهِ، مَا لَمْ يُصِبْ دَمًا حَرَامًا».

[صحيح] - [رواه البخاري] - [صحيح البخاري: 6862]
المزيــد ...

ইবনে ‘ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"মুমিন ব্যক্তি তেতিয়ালৈকে নিজৰ দ্বীনৰ ক্ষেত্ৰত স্বস্তি অনুভৱ কৰে, যেতিয়ালৈকে কাৰোবাক অন্যায়ভাৱে হত্যা নকৰে।"

[ছহীহ] - [(বুখাৰী)] - [ছহীহ বুখাৰী - 6862]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মুমিন ব্যক্তিয়ে নিজৰ দ্বীনৰ ক্ষেত্ৰত তথা নেক আমলৰ ক্ষেত্ৰত সদায় স্বস্তি অনুভৱ কৰে, আল্লাহৰ ৰহমত আৰু মাগফিৰাত কামনা কৰে। কিন্তু যেতিয়া কোনো ব্যক্তিক অন্যায়ভাৱে হত্যা কৰে, তেতিয়া তাৰ আমল সংকীৰ্ণ হৈ পৰে, কাৰণ সি সেই হত্যাৰ বোজা আৰু মহাপাপ সহ্য কৰিব নোৱাৰে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

  1. অন্যায়ভাৱে হত্যা কৰা তথা জানি বুজি হত্যা কৰাটো হৈছে মহাপাপ। কাৰণ ইয়াৰ ফলত মুমিন ব্যক্তিয়ে ধৰ্মীয় ক্ষেত্ৰত সংকীৰ্ণতা অনুভৱ কৰে।
  2. হাৰাম তেজ (বা অন্যায়ভাৱে প্ৰবাহিত কৰা তেজ)ৰ চাৰিটা প্ৰকাৰ: ১) মুছলিমৰ তেজ– এইটো আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ। ২) জিম্মীৰ তেজ – ইয়াহুদী আৰু খ্ৰীষ্টানসকলৰ মাজৰ যিসকলে ইছলামী ৰাষ্ট্ৰত নিজৰ ধৰ্ম পালন কৰি জিজিয়া (কৰ) পৰিশোধ কৰে আৰু ইছলামী আইন মানি চলে। ৩) মুআহিদৰ তেজ – সেইসকল কাফিৰ যিসকলে নিজৰ দেশত বাস কৰে কিন্তু সিহঁতৰ আৰু আমাৰ মাজত আছে সন্ধি (চুক্তি) যে, সিহঁতেও আমাৰ সৈতে যুদ্ধ নকৰিব আৰু আমিও সিহঁতৰ সৈতে যুদ্ধ নকৰোঁ। ৪) মুছতামিনৰ তেজ – এনেকুৱা হাৰ্বী কাফিৰ (যাৰ সৈতে যুদ্ধ চলি আছে), সি জিম্মীও নহয় আৰু তাৰ প্ৰতি আমাৰ কোনো দায়িত্বও নাই, কিন্তু যদি সি নিৰাপত্তা বিচাৰে তেন্তে আমি তাক নিৰ্দিষ্ট সময়ৰ বাবে ইছলামী ৰাষ্ট্ৰত থকাৰ সুবিধা কৰি দিব লাগিব। এই অনুমতি ৰাষ্ট্ৰ প্ৰধানে বা তেওঁৰ প্ৰতিনিধিয়ে প্ৰদান কৰিব।
অনুবাদ চাওক
ভাষা: الإنجليزية الإندونيسية البنغالية অধিক (31)
শ্ৰেণীবিন্যাসসমূহ