عَنْ سَهْلٍ رَضِيَ اللهُ عَنْهُ عَنِ النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ قَالَ:
«إِنَّ فِي الْجَنَّةِ بَابًا يُقَالُ لَهُ الرَّيَّانُ، يَدْخُلُ مِنْهُ الصَّائِمُونَ يَوْمَ الْقِيَامَةِ، لَا يَدْخُلُ مِنْهُ أَحَدٌ غَيْرُهُمْ، يُقَالُ: أَيْنَ الصَّائِمُونَ، فَيَقُومُونَ لَا يَدْخُلُ مِنْهُ أَحَدٌ غَيْرُهُمْ، فَإِذَا دَخَلُوا أُغْلِقَ، فَلَمْ يَدْخُلْ مِنْهُ أَحَدٌ».
[صحيح] - [متفق عليه] - [صحيح البخاري: 1896]
المزيــد ...
ছাহল ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"জান্নাতৰ এটা দুৱাৰ আছে, যাক ৰায়্যান বুলি কোৱা হয়। কিয়ামতৰ দিনা সেই দুৱাৰেৰে ৰোজাদাৰসকলে প্ৰৱেশ কৰিব। তেওঁলোকৰ বাহিৰে আন কোনেও সেই দুৱাৰেৰে প্ৰৱেশ কৰিব নোৱাৰিব। কোৱা হ'বঃ ৰোজাদাৰসকল ক'ত? তেতিয়া তেওঁলোকে প্ৰৱেশ কৰাৰ বাবে সাজু হ'ব, তেওঁলোকৰ বাহিৰে কোনেও প্ৰৱেশ কৰিব নোৱাৰিব। তেওঁলোকে যেতিয়া প্ৰৱেশ কৰিব, তেতিয়া দুৱাৰ বন্ধ কৰি দিয়া হ'ব। ইয়াৰ পিছত কোনেও প্ৰৱেশ কৰিব নোৱাৰিব।"
[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 1896]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, জান্নাতৰ দুৱাৰসমূহৰ মাজত এনেকুৱা এটা দুৱাৰ আছে, যাৰ নাম হৈছে বাবুৰ ৰায়্যান। কিয়ামতৰ দিনা এই দুৱাৰেৰে কেৱল ৰোজাদাৰ সকলেহে প্ৰৱেশ কৰিব। তেওঁলোকৰ বাহিৰে বেলেগ কোনেও প্ৰৱেশ কৰিব নোৱাৰিব। তেওঁলোকৰ বাবে ঘোষণা কৰা হ'বঃ ৰোজাদাৰসকল ক'ত? তেতিয়া তেওঁলোকে সেই দুৱাৰেৰে প্ৰৱেশ কৰিব, বেলেগ কোনেও সোমাব নোৱাৰিব। তেওঁলোকৰ মাজৰ সৰ্বশেষ ব্যক্তিজন যেতিয়া প্ৰৱেশ কৰিব, তেতিয়া সেই দুৱাৰ বন্ধ কৰি দিয়া হ'ব। ইয়াৰ পিছত আন কোনেও প্ৰৱেশ কৰিব নোৱাৰিব।