عَنْ هِشَامِ بْنِ حَكِيمِ بْنِ حِزَامٍ رَضيَ اللهُ عنهما أَنَّهُ مَرَّ عَلَى أُنَاسٍ مِنَ الْأَنْبَاطِ بِالشَّامِ، قَدْ أُقِيمُوا فِي الشَّمْسِ، فَقَالَ: مَا شَأْنُهُمْ؟ قَالُوا: حُبِسُوا فِي الْجِزْيَةِ، فَقَالَ هِشَامٌ: أَشْهَدُ لَسَمِعْتُ رَسُولَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَقُولُ:
«إِنَّ اللهَ يُعَذِّبُ الَّذِينَ يُعَذِّبُونَ النَّاسَ فِي الدُّنْيَا».
المزيد
হিশ্বাম ইবনে হাকীম ইবনে হিঝাম ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ চিৰিয়াৰ কিছুমান অনাৰব খ্ৰীষ্টান লোকৰ ওচৰেদি যাওঁতে দেখিলে যে, সিহঁতক ৰ’দত থিয় কৰি ৰখা হৈছে। তেওঁ সুধিলে, “ইহঁতৰ কি হৈছে?” উত্তৰত কোৱা হ’ল, “জিজিয়া কৰ নিদিয়াৰ কাৰণে সিহঁতক আটক কৰা হৈছে।” তেতিয়া হিশ্বামে ক’লে, “মই সাক্ষ্য দিওঁ যে, নিশ্চিতভাৱে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ
"নিশ্চয় আল্লাহে সেইসকল লোকক শাস্তি বিহিব, যিসকলে এই পাৰ্থিৱ জগতত মানুহক (অন্যায়ভাৱে) শাস্তি বিহে।"