عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ قَالَ: قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«إنَّ اللَّهَ طَيِّبٌ لَا يَقْبَلُ إلَّا طَيِّبًا، وَإِنَّ اللَّهَ أَمَرَ المُؤْمِنِينَ بِمَا أَمَرَ بِهِ المُرْسَلِينَ، فَقَالَ تَعَالَى: {يَا أَيُّهَا الرُّسُلُ كُلُوا مِنْ الطَّيِّبَاتِ وَاعْمَلُوا صَالِحًا}، وَقَالَ تَعَالَى: {يَا أَيُّهَا الَّذِينَ آمَنُوا كُلُوا مِنْ طَيِّبَاتِ مَا رَزَقْنَاكُمْ} ثُمَّ ذَكَرَ الرَّجُلَ، يُطِيلُ السَّفَرَ، أَشْعَثَ، أَغْبَرَ، يَمُدُّ يَدَيْهِ إلَى السَّمَاءِ: يَا رَبِّ! يَا رَبِّ! وَمَطْعَمُهُ حَرَامٌ، وَمَشْرَبُهُ حَرَامٌ، وَمَلْبَسُهُ حَرَامٌ، وَغُذِيَ بِالحَرَامِ، فَأَنَّى يُسْتَجَابُ لَذلك».
[صحيح] - [رواه مسلم] - [الأربعون النووية: 10]
المزيــد ...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
নিশ্চয় মহান আল্লাহ হৈছে পৱিত্ৰ, সেয়ে তেওঁ কেৱল পৱিত্ৰ বস্তুহে কবূল কৰে। আল্লাহে মুমিনসকলক কেৱল সেই কাম কৰিবলৈ আদেশ দিছে, যিটো কৰাৰ আদেশ তেওঁ ৰাছুলসকলক দিছিল। এতেকে মহান আল্লাহে কৈছে: (হে ৰাছুলসকল! পৱিত্ৰ বস্তু আহাৰ কৰা আৰু নেক আমল কৰা।) তেওঁ আৰু কৈছে: (হে মুমিনসকল! আমি তোমালোকক যি পৱিত্ৰ জীৱিকা দান কৰিছোঁ তাৰ পৰা আহাৰ কৰা।) এইখিনি কোৱাৰ পিছত তেখেতে (ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে) এনেকুৱা এজন ব্যক্তিৰ কথা উল্লেখ কৰিছে, যিজন ব্যক্তি দীৰ্ঘ ছফৰত ওলাই আহিছে, যাৰ চুলিবোৰ অপৰিপাটি হৈ আছে তথা ফণিওৱা নাই, লগতে তাৰ কাপোৰ ধূলি বালিৰে ময়লা হৈছে। এনে অৱস্থাত সি নিজৰ দুহাত আকাশৰ ফালে দাঙি এইদৰে দুআ কৰিবলৈ ধৰে আৰু কয়: হে মোৰ ৰব্ব! হে মোৰ ৰব্ব! (মোক ইটো দিয়া, মোক সিটো দিয়া) অথচ তাৰ খাদ্য হাৰাম, তাৰ পানীয় হাৰাম, তাৰ পোছাক হাৰাম, সি হাৰামভাৱে লালিত-পালিত হৈছে; সেই ব্যক্তিৰ দুআ কেনেকৈ কবূল হ’ব!?
[ছহীহ] - [(মুছলিম)] - [الأربعون النووية - 10]
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মহান আল্লাহ পৱিত্ৰ, তেওঁ সকলো দোষ-ত্ৰুটিৰ পৰা পাক তথা সকলো ফালৰ পৰা পূৰ্ণাংগৰ বিশেষণেৰে বিশেষিত। সেয়ে তেওঁ কেৱল সেইবোৰ কথা কৰ্ম আৰু আক্বীদাহে গ্ৰহণ কৰে যিটো পৱিত্ৰ। যিটো নিৰ্ভেজালভাৱে আল্লাহৰ বাবে কৰা হয় আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পদ্ধতি মুতাবিক কৰা হয়। ইয়াৰ বাহিৰে বেলেগ কোনো উপায়েই আল্লাহৰ নৈকট্য অৱলম্বন কৰা সম্ভৱ নহয়। মুমিন আমল সৎ হোৱাৰ আন এটা ডাঙৰ উৎস হৈছে হালাল তথা পৱিত্ৰ বস্তু ভক্ষণ কৰা। ইয়াৰ ফলত আমল পৱিত্ৰ হয়। এই কাৰণেই মহান আল্লাহে মুমিনসকলকো সেই নিৰ্দেশ দিছে যিটো নিৰ্দেশ তেওঁ ৰাছুলসকলক প্ৰদান কৰিছিল যে, হালাল খাদ্য ভক্ষণ কৰা আৰু নেক আমল কৰা। তেওঁ কৈছেঃ "হে ৰাছুলসকল! তোমালোকে পৱিত্ৰ বস্তুৰ পৰা খাদ্য গ্ৰহণ কৰা আৰু সৎকৰ্ম কৰা; নিশ্চয় তোমালোকে যি কৰা সেই সম্পৰ্কে আমি সবিশেষ অৱগত"। (ছুৰা আল-মুমিনূনঃ ৫১) তেওঁ আৰু কৈছেঃ "হে ঈমান্দাৰসকল! তোমালোকক আমি যিবোৰ জীৱিকা প্ৰদান কৰিছোঁ তাৰ পৰা তোমালোকে পৱিত্ৰ বস্তুবোৰ ভক্ষণ কৰা"। (ছুৰা আল-বাক্বাৰাহঃ ১৭২)
ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাৰাম খাদ্যৰ পৰা সতৰ্ক কৰিছে, ইয়াৰ ফলত আমল বিনষ্ট হয় তথা আমল কবূল নহয়, যদিও বাহ্যিকভাৱে উপায় অৱলম্বন কৰা হয়।
প্ৰথমঃ কোনো সৎকৰ্ম কৰিবলৈ দূৰৱৰ্তী ভ্ৰমণ কৰে, যেনে- হজ্জ কৰিবলৈ, জিহাদ কৰিবলৈ অথবা আত্মীয়তাৰ বন্ধন ৰক্ষা কৰিবলৈ।
দ্বিতীয়ঃ চুলিবোৰ অপৰিপাটি হৈ থকা, চুলি নফণিওৱাৰ কাৰণে। ৰং পৰিবৰ্তন হৈ যোৱা, পৰিধান কৰা কাপোৰত ময়লা আৱৰ্জনা লগা আৰু অসহায় অৱস্থাত থকা।
তৃতীয়ঃ দুআ কৰিবলৈ দুয়ো হাত আকাশৰ পিনে উঠায়।
চতুৰ্থঃ আল্লাহৰ নামেৰে অছিলা মাগি কান্দি কান্দি দুআ কৰি কয়, হে মোৰ ৰব্ব, হে মোৰ ৰব্ব!
এই সকলোবোৰ উপায় অৱলম্বন কৰাৰ পিছতো তাৰ দুআ কবুল নহয়। কাৰণ তাৰ খাদ্য, পানীয় আৰু পৰিধান হৈছে হাৰাম, তাৰ জীৱিকাই হাৰাম। গতিকে এইবোৰ থকা অৱস্থাত তাৰ দুআ কবূল হোৱাটো অসম্ভৱ, আৰু কেনেকৈ বা কবূল হ'ব।