+ -

عَنْ أَبِي هُرَيْرَةَ رَضِيَ اللَّهُ عَنْهُ قَالَ: قَالَ رَسُولُ اللَّهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ:
«قَالَ اللَّهُ عَزَّ وَجَلَّ: يُؤْذِينِي ابْنُ آدَمَ يَسُبُّ الدَّهْرَ وَأَنَا الدَّهْرُ، بِيَدِي الأَمْرُ أُقَلِّبُ اللَّيْلَ وَالنَّهَارَ».

[صحيح] - [متفق عليه] - [صحيح البخاري: 4826]
المزيــد ...

আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"সৰ্বশক্তিমান আল্লাহে কৈছেঃ আদম সন্তানে সময়ক গালি পাৰি মোক কষ্ট দিয়ে, অথচ ময়ে সময় (ৰ পৰিচালক)। মোৰ হাততেই সকলো ক্ষমতা, ৰাতি আৰু দিন ময়ে পৰিবৰ্তন কৰোঁ।"

[ছহীহ] - [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})] - [ছহীহ বুখাৰী - 4826]

ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, সৰ্বশক্তিমান আল্লাহে হাদীছে কুদছীত কৈছে যে, আদম সন্তানে বিপদ-আপদৰ সময়ত তথা দুখ কষ্টৰ সময়ত, সময়ক গালি পাৰি মোক কষ্ট দিয়ে, কাৰণ একমাত্ৰ আল্লাহেই সময়ৰ পৰিচালক আৰু নিয়ন্ত্ৰণকাৰী। গতিকে সময়ক গালি পাৰা মানে আল্লাহক গালি পাৰা বুজায়। সময় হৈছে আল্লাহৰ এটা সৃষ্টি তথা তেওঁৰ নিয়ন্ত্ৰণাধীন। ইয়াত সংঘটিত হোৱা প্ৰতিটো ঘটনা আল্লাহৰ নিৰ্দেশত কাৰ্যকৰী হয়।

অনুবাদ: ইন্দোনেচিয়ান ছিনহালী ভিয়েতনামীজ হাওছা শ্বাহিলী আমহাৰিক ডাচ
অনুবাদ চাওক

হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহ

  1. এই হাদীছটো হৈছে সেইবোৰ হাদীছৰ অন্তৰ্ভুক্ত, যিবোৰ হাদীছ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্বয়ং আল্লাহৰ পৰা বৰ্ণনা কৰিছে। এনেকুৱা হাদীছক হাদীছে কুদছী বা হাদীছে ইলাহী বুলি কোৱা হয়। এইবোৰ হাদীছৰ শব্দ আৰু অৰ্থ দুয়োটাই আল্লাহৰ পৰা বৰ্ণিত। কিন্তু এইবোৰৰ মাজত কোৰআনৰ কোনো বৈশিষ্ট্য নাই, যেনে- কোৰআন তিলাৱত কৰিলে ছোৱাব পোৱা যায়, কোৰআন পঢ়িবলৈ পৱিত্ৰতা লাগে, এইদৰে কোৰআনৰ আয়াতৰ দ্বাৰা প্ৰত্যাহ্বান জনোৱা হৈছে আৰু কোৰআনৰ মাজত আছে অলৌকিকতা।
  2. কথা আৰু বিশ্বাসৰ ক্ষেত্ৰতো আল্লাহৰ সৈতে সন্মানপূৰ্বক আৰু শিষ্টাচাৰপূৰ্ণ আচৰণ কৰিব লাগে।
  3. তাক্বদীৰ তথা ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰা আৰু দুখ কষ্টত ধৈৰ্য্য ধাৰণ কৰাটো অনিবাৰ্য।
  4. আৰবী শব্দ (الأذى) 'কষ্ট' আৰু (الضرر) 'ক্ষতি' ৰ মাজত পাৰ্থক্য আছে। মানুহে কোনো অপ্ৰিয় কথা শুনি বা কিবা অপ্ৰিয় বস্তু দেখি কষ্ট পাব পাৰে, কিন্তু ইয়াৰ ফলত তাৰ শাৰীৰিক বা বাস্তৱিক কোনো ক্ষতি নহয়। ঠিক সেইদৰে মানুহে দুৰ্গন্ধৰ দ্বাৰাও কষ্ট পায়, যেনে- পিয়াঁজ আৰু নহৰুৰ দুৰ্গন্ধই কষ্ট দিয়ে। কিন্তু ইয়াৰ ফলত বাস্তৱিক ক্ষতি নহয়। (ইয়াকেই আৰবীত "আজা" বোলে।)
  5. মহান আল্লাহে বান্দাসকলৰ কিছুমান কৰ্মৰ দ্বাৰা কষ্ট পায়, কিন্তু তেওঁৰ কোনো ক্ষতি নহয়। যেনে- সৰ্বশক্তিমান আল্লাহে হাদীছে কুদছীত কৈছেঃ "হে মোৰ বান্দাসকল! তোমালোকে কেতিয়াও মোক ক্ষতি কৰিব নোৱাৰা যে, মই ক্ষতিগ্ৰস্ত হ'ম। এইদৰে তোমালোকে মোৰ কোনো উপকাৰো কৰিব নোৱাৰা যে, মই উপকৃত হ'ম।"
  6. সময়ক পাৰা গালি শপনি আৰু ইয়াৰ ধৰণক তিনিটা ভাগত ভাগ কৰিব পাৰিঃ ১) সময়ক এই কাৰণে গালি পাৰা যে, সময়েই হৈছে এইবোৰ ঘটনাৰ বাবে দায়ী, তথা এই বিশ্বাস পোষণ কৰা যে, সময়েই মানুহৰ জীৱন পৰিবৰ্তন কৰে, তথা ভাল বেয়াৰ ফালে লৈ যায়। এনেকুৱা বিশ্বাস হৈছে শ্বিৰ্কে আকবাৰ বা ডাঙৰ শ্বিৰ্ক। কিয়নো ইয়াত বিশ্বাস কৰা হৈছে যে, আল্লাহৰ সৈতে বেলেগ কোনো সৃষ্টিকৰ্তাও আছে, আৰু আল্লাহৰ বাহিৰে ঘটনাবোৰৰ সম্পৰ্ক বেলেগৰ সৈতে কৰা হৈছে। ২) সময়ক গালি পাৰে কিন্তু এই বিশ্বাসৰ কাৰণে নহয় যে, সময়েই এইবোৰ সংঘটিত কৰিছে, বৰং তেওঁ বিশ্বাস কৰে যে, আল্লাহেই হৈছে এইবোৰ ঘটনাৰ সৃষ্টিকৰ্তা। কিন্তু সময়ক এই কাৰণে কটাক্ষ কৰে তথা গালি পাৰে যে, সি অপছন্দনীয় কিবা বিষয়ৰ সন্মুখীন হৈছে, দুখ কষ্টৰ সন্মুখীন হৈছে। এই অৱস্থাত গালি পাৰাও হাৰাম। ৩) সময়ক গালি শপনি নাপাৰাকৈ কেৱল সংবাদ দিয়া। অৰ্থাৎ সময়ক কোনো ধৰণৰ দোষ নিদিয়াকৈ সময়ৰ কথা উল্লেখ কৰা। এইটো বৈধ। যেনে- লূত আলাইহিচ্ছালামে কৈছিলঃ "এইটো এটা বৰ কঠিন দিৱস।"
অধিক